মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ উচ্চতৰ শিক্ষা

নাগৰিক চনদ

  • ২০0৫ বৰ্ষৰ ১৬ আগষ্টত চৰকাৰী জাননী নং AR.49/2005/10 দিনাংক ১৬/০৮/২০০৫ ত সমতা, উপলব্ধি আৰু গুণগত মানৰ উন্নতি সাধন এই তিনিটা মুখ্য ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি উচ্চতৰ শিক্ষা বিভাগৰ প্ৰতিষ্ঠা হয়। সম্প্ৰতিক সময়ত বিভাগটোৱে নিম্নলিখিত মুখ্য পদক্ষেপসমূহ হাতত লৈছে।

    শিক্ষাৰ সামগ্ৰিক মান উন্নত কৰাৰ এটি পৰিমাপ হিচাপে ৰাজ্য চৰকাৰে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষক, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেক্নিক প্ৰতিষ্ঠানসমূহৰ নিযুক্তিৰ ক্ষেত্ৰত ইউ.জি.চি./এ.আই.চি.টি.ই. নীতিসমূহ কঠোৰভাৱে পালন কৰিছে।

    উচ্চতৰ শিক্ষা ক্ষেত্ৰত কাম কৰি থকা শিক্ষকসকলৰ নিয়মিত প্ৰশিক্ষণৰ কাৰণে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

    বিদ্যমান দুখন ৰাজ্যিক বিশ্ববিদ্যালয় আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপৰিও ৰাজ্যখনত ছয়খন নতুন ৰাজ্যিক বিশ্ববিদ্যালয় যেনে-১) কটন মহাবিদ্যালয় ৰাজ্যিক বিশ্ববিদ্যালয়, ২) বড়োলেণ্ড ৰাজ্যিক বিশ্ববিদ্যালয়, ৩) কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়, ৪) অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশশ্ববিদ্যালয়, ৬) কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা কৰা হয়।

    ইয়াৰ উপৰিও অসমৰ শিক্ষাৰ ক্ষেত্ৰত পিছপৰি ৰোৱা ১২ খন জিলাত ১২ খন চৰকাৰী আৰ্হি ডিগ্ৰী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা কৰা হৈছে।

    সমান্তৰালকৈ ৰাজ্য চৰকাৰে অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেক্নিকৰ সংখ্যাও বঢ়াই গৈছে।

    চাৰিখন কাৰ্যকৰী অভিযান্ত্ৰিক মহাবিদ্যালয় যেনে-১) অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, ২) যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়, ৩) যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰতিষ্ঠান, ৪) বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ উপৰিও ছয়খন নতুন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্থাপিত কৰা হৈছে যি স্থাপনৰ বিভিন্ন পৰ্যায়ত আছে।

    বিদ্যমান দহখন পলিটেক্নিক যেনে-১) অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান, গুৱাহাটী, ২) অসম বস্ত্ৰ প্ৰতিষ্ঠান, গুৱাহাটী, ৩) বঙাইগাও পলিটেক্নিক, বঙাইগাওঁ, ৪) ডিব্ৰুগড় পলিটেক্নিক, ডিব্ৰুগড়, ৫) ডিফু পলিটেক্নিক, ডিফু, ৬) প্ৰিণ্স অফ ৱেলছ অভিযান্ত্ৰিক আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, ৭) নগাওঁ পলিটেক্নিক, ৮) পি.চি.পি.এছ. ছোৱালী পলিটেক্নিক, ৯) আৱাসিক ছোৱালী পলিটেক্নিক, গোলাঘাট, ১০) শিলচৰ পলিটেক্নিক, কাছাৰৰ লগত আৰু ২১ খন নতুন পলিটেক্নিকক অন্তৰ্ভূক্ত কৰা হৈছে।

    এন.এছ.কিউ.এফ.ৰ উপবন্ধ অনুসৰি কৌশল বিকাশৰ কাৰণে ছয়খন সমূদায় মহাবিদ্যাল গঢ়ি তোলা হৈছে।(ৰাষ্ট্ৰীয় কৌশল বিকাশ যোগ্যতা ফ্ৰেমৱৰ্ক)

    এই নাগৰিক চনদখনক এক দৃষ্টিভংগী আগত ৰাখি প্ৰস্তুত কৰা হৈছে যাতে উপভোক্তাই বিভাগৰ দ্বাৰা প্ৰদান কৰা সেৱাসমূহ উপভোগ কৰিব পাৰে।

    লক্ষ্যঃ

    • বিশ্বব্যাপী প্ৰতিযোগিতাৰ লগত খোজ মিলাব পৰাকৈ প্ৰধান স্থিতিসমূহৰ কাৰণে বিশ্ববিদ্যালয়সমূহৰ পুনঃগঠন।
    • উচ্চতৰ আৰু কাৰিকৰী শিক্ষা ক্ষেত্ৰৰ লগত ৰাজ্যখনৰ মানৱ সম্পদৰ সম্ভাৱনীয়তাক সমতা আৰু পাৰদৰ্শীতাৰ সৈতে অৰ্জন কৰা।

    অভিযানঃ

    • নতুন বৃত্তিমূলক প্ৰতিষ্ঠানৰ স্থাপনৰ লগতে বিদ্যমান প্ৰতিষ্ঠানসমূহক শক্তিশালী ৰূপত গঢ়ি তোলা।
    • চৰকাৰী আৰু ব্যক্তিগত প্ৰতিষ্ঠানসমূহক উত্সাহিত আৰু উদ্ভাৱন কৰা , শৈক্ষণিক সংস্কাৰ সাধন আৰু আন্তঃগাঁঠনিৰ উন্নয়নৰ কাৰণে নীতি আৰু কাৰ্য্যসূচী আৰম্ভ কৰা।

    উদ্দেশ্য

    • উন্নত আন্তঃগাঁথনিমূলক সা-সুবিধা সৃষ্টি কৰা আৰু সমাজক উন্নত শিক্ষা প্ৰদান কৰা।
    • সন্মিলিত বিকাশৰ বাবে উচ্চতৰ আৰু কাৰিকৰী শিক্ষাৰ পৰিসৰ বৃদ্ধি কৰা।
    • পাঠ্যক্ৰমৰ পুনঃঅন্তৰ্ভুক্তি আৰু নতুন পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তি।
    • অধ্যাপকৰ উন্নয়ন।

    কাৰ্য্যাৱলী

    • চৰকাৰী নীতিক উচ্চতৰ শিক্ষাৰ সঞ্চালকালয়, কাৰিকৰী শিক্ষাৰ সঞ্চালকালয়, ঐতিহাসিক আৰু পূৰাতাত্বিক বিভাগৰ সঞ্চালকালয়, আৰ.ইউ.এছ.এ আৰু জিলা বিষয়াই কাৰ্যক্ষেত্ৰত ৰূপায়ণ কৰিবলৈ যাওতে প্ৰয়োজন হোৱা সমন্বয় ৰক্ষাকাৰী কাৰ্যপন্থাৰ বাবে উচ্চ শিক্ষা বিভাগ জগৰীয়া।
    • ৰাজ্যত শৈক্ষিক সা-সুবিধাৰ উচিত প্ৰয়োগৰ বাবে বিভাগে নীতিগত নিৰ্দেশনাও জাৰি কৰে।
    • উচ্চতৰ আৰু কাৰিকৰী শিক্ষা বিভাগো মানৱ সম্পদৰ প্ৰসাৰ/উন্নয়নৰ বাবে জগৰীয়া।
    • প্ৰতিষ্ঠিত উচ্চতৰ আৰু কাৰিকৰী শিক্ষাৰ শিক্ষানুষ্ঠানসমূহৰ আধুনিকীকৰণ আৰু পৰিসৰ বৃদ্ধি কৰা।
    • নতুন আৰু সংগতি থকা পাঠ্যক্ৰমসমূহ অন্তৰ্ভুক্ত কৰা।

    ক্লাইণ্টছঃ

    • উচ্চতৰ শিক্ষা সঞ্চালক
    • কাৰিকৰী শিক্ষা সঞ্চালক
    • ইতিহাস আৰু পূৰাতত্ব অধ্যয়ন সঞ্চালকালয়
    • ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান
    • জিলা বিৱৰণিকা/গেজেট
    • শিক্ষাৰ্থী আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ অধ্যাপক
    • ভাৰতবৰ্ষৰ নাগৰিক

    সেৱাসমূহ


    ক্ৰমিক নং

    সেৱাসমূহ

    বাৰ্ষিক ৰাজ্যিক পুঁজি প্ৰস্তাৱৰ অনুমোদন

    প্ৰশাসনিক অনুমোদন/ আবণ্টন আৰু এফ.অ’.চি. মুকলি কৰা

    ৰাজ্যৰ পুঁজিপ্ৰাপ্ত প্ৰকল্পসমূহৰ মূল্যাংকন

    বিভিন্ন নীতিসমূহত অনুমোদন জনোৱা

    নীতিসমূহৰ ৰূপায়নৰ মূল্যাংকন কৰা

    নতুন পাঠ্যক্ৰম/ নতুন মহাবিদ্যালয় মুকলি কৰাৰ কাৰণে চৰকাৰৰ পৰা সন্মতি/ অনাপত্তিৰ প্ৰমাণ পত্ৰ লোৱা

    পদোন্নতিৰ আদেশ/ বেতন বৃদ্ধি জাৰি কৰা

    লোক তথ্য বিষয়াৰ তালিকাঃ


    ক্ৰমিক নং

    নাম/ পদবী

    ঠিকনা

    ফোন নম্বৰ

    এলেকা কাৰ্য্যক্ৰমৰ সীমা নিৰ্দ্ধাৰণ, যদি এজনতকৈ বেছি লোক তথ্য বিষয়া আছে

    ডঃ মামনী বৰুৱা,
    অতিৰিক্ত সচিব

    চি- ব্লক, ৪ৰ্থ মহলা, অসম সচিবালয়, দিছপুৰ, গুৱাহাটী- ৬

    ৯৫০৮২৬৬২৫৩

    সম্পূৰ্ণ বিভাগ

    প্ৰথম আপিল বিচাৰক


    ক্ৰমিক নং

    নাম/ পদবী

    ঠিকনা

    ফোন নম্বৰ

    এলেকা কাৰ্য্যক্ৰমৰ সীমা নিৰ্দ্ধাৰণ, যদি এজনতকৈ বেছি লোক তথ্য বিষয়া আছে

    শ্ৰীমতী কৃষ্ণা গোঁহাই, ভা.প্ৰ.সে.,
    সচিব

    এফ- ব্লক, ৪ৰ্থ মহলা, অসম সচিবালয়, দিছপুৰ, গুৱাহাটী- ৬

    ৯৪৩৫০৩২৬৯৬

    সম্পূৰ্ণ বিভাগ

    অভিযোগ আৰু নিবাৰণী ব্যৱস্থাঃ

    ৰাজহুৱা আপত্তি পৰ্টেলত আভিযোগসমূহ স্থাপিত কৰিব পৰা যায়।
    অভিযোগসমূহ সাধাৰণ কাগজত লিখিও দিব পৰা যায়ঃ

    যোগাযোগৰ সবিশেষঃ

    শ্ৰী সীমান্ত দাস, অ.অ.সে.
    উপ সচিব, অসম চৰকাৰ
    উচ্চতৰ শিক্ষা বিভাগ
    অসম সচিবালয়, ব্লক- চি, তলৰ মহলা।

    যদি সন্তুষ্ট নহয় তেনেহলে উচ্চ পৰ্য্যায়ৰ প্ৰাধিকাৰীলৈ লিখিত পাৰেঃ

    শ্ৰীমতী অঞ্জলি শইকীয়া বৰুৱা, অ.অ.সে.
    যুটীয়া সচিব, অসম চৰকাৰ
    শিক্ষা(উচ্চতৰ আৰু কাৰিকৰী) বিভাগ
    ব্লক-চি, তলৰ মহলা, অসম সচিবালয়,
    দিছপুৰ, গুৱাহাটী-৭৮১০০৬।

    নাগৰিক/ অভিযোগকাৰীৰ পৰা প্ৰত্যাশা

    অনুপ্ৰেৰিত কৰাৰ কাৰণে ফোন নম্বৰ/ই-মেইল আই.ডি. প্ৰদানৰ জৰিয়তে সম্পূৰ্ণ, সঠিক আৰু বাস্তৱিক অভিযোগসমূহ জমা দিব লাগে।
    লগতে এইটোও আশা কৰা হৈছে যে উপভোক্তাসকলে নিৰ্দিষ্ট বাধ্যবাধকতাসমূহ পূৰণ কৰিব যেনে প্ৰস্তাৱ জমা দিয়াৰ সময়ত সমস্ত প্ৰয়োজনীয় নথি জমা দিয়া।

    সাংগঠনিক গঠনঃ

    মুখ্য সচিব/ আয়ুক্ত আৰু সচিব/ যুটীয়া সচিব/ অৱৰ সচিব আৰু অধীক্ষকৰ লগতে অন্যান্য সহযোগী কৰ্মচাৰী বৰ্গ।

    নিয়ম, বিনিয়ম, নিৰ্দ্দেশ, নিয়মাৱলী, কাৰ্য্যৰ উন্মুক্তিৰ ৰেকৰ্ডসমূহঃ

    • অসম শিক্ষা সেৱা নিয়ম ১৯৮২।
    • অসম শিক্ষা সেৱা(সংশোধন)নিয়ম ২০০৯।
    • অসম কাৰিকৰী শিক্ষা সেৱা নিয়ম ১৯৮১।
    • অসম কাৰিকৰী শিক্ষা সেৱা(সংশোধন) নিয়ম ২০০৮।
    • অসম বে-চৰকাৰী মহাবিদ্যালয় প্ৰৱন্ধনা নিয়ম- বৰ্তমান অসম প্ৰাদেশীকৃত মহাবিদ্যালয় আৰু অসম বে- চৰকাৰী  মহাবিদ্যালয় প্ৰৱন্ধনা নিয়ম ২০০১ নামেৰে জনা যায়।
    • অসম মহাবিদ্যালয় কৰ্মচাৰী(প্ৰাদেশীকৃত) আইন ২০০৫,(সংশোধন) আইন, ২০১০।
    • গুৱাহাটী বিশ্ববিদ্যালয় আইন, ১৯৪৭ আৰু সংশোধিত
    • ডিব্ৰুগড় বিশ্ববিদ্যালয় আইন।
    • . অসম ব্যক্তিগত বিশ্ববিদ্যালয় আইন, ২০০৭।
    • বড়োলেণ্ড বিশ্ববিদ্যালয় আইন, ২০০৯।
    • অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় আইন ২০০৯।
    • অসম মহিলা বিশ্ববিদ্যালয় আইন, ২০১৩।
    • কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয় আইন, ২০১১।
    • জি.চি. বিনিয়ম।
    • . আই.চি.টি.ই. অধিসূচনা।
    • অসম কাৰ্য্যবাহী ব্যৱসায়ৰ নিয়ম, ১৯৬৮(৩১ মাৰ্চ ২০০৬ লৈ সংশোধন কৰা হৈছে)।
    • কাৰ্য্যালয় প্ৰক্ৰিয়াৰ নিয়মাৱলী, সচিবালয়, ১৯৮১।
    • অসম মৌলিক নিয়ম আৰু উপ নিয়ম।
    • অসম বিত্তীয় নিয়ম।
    • বিত্তীয় দায়িত্ব আৰু বাজেট প্ৰৱন্ধনা আইন ২০০৫।
    • বিত্তীয় ক্ষমতা আৰোপ নিয়ম, ১৯৯৯।
    • অসম উপনিমিত্ত নিয়মাৱলী।
    • অসম সেৱা(নিয়মানুৱৰ্তীতা আৰু আপিল) নিয়ম, ১৯৬৪।
    • সাধাৰণ চাৰ্কুলাৰৰ হাতপুথি, ১৯৯৫ গ্ৰন্থখণ্ড- I & II
    • অসম(অসামৰিক সেৱা) আচৰণ নিয়ম, ১৯৬৫।
    • অসম অনুসূচীত জাতি আৰু জনজাতি(সংৰক্ষিত আসন আৰু পদ) আইন আৰু নিয়ম ১৯৭৮।
    • তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ আৰু ইয়াৰ অধীনত নিয়মসমূহ প্ৰস্তুত কৰা হৈছে।
    • অসম লোক সেৱা অধিকাৰ আইন, ২০১২ আৰু ইয়াৰ অধীনত নিয়মসমূহ প্ৰস্তুত কৰা হৈছে।
    • অসম বিধায়িনী সভাৰ কাম-কাজৰ সঞ্চালন আৰু প্ৰক্ৰিয়াৰ নিয়ম।

    সমীক্ষাঃ

    নাগৰিক চনদখনৰ বছৰি সমীক্ষা কৰা হয়। এই ক্ষেত্ৰত কোনো পৰামৰ্শ থাকিলে শ্ৰীমতী কৃষ্ণা গোঁহাই, ভা.প্ৰ.সে., সচিব, অসম চৰকাৰ, উচ্চতৰ শিক্ষা বিভাগলৈ পঠিয়াব পাৰে।
    উচ্চতৰ আৰু কাৰিকৰী শিক্ষা বিভাগৰ ই-মেইল হৈছেঃ